দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হৈছে। এই উপলক্ষে পয়গম্বৰ মহম্মদৰ জীৱন তথা আদৰ্শৰ ওপৰত আলোকপাত কৰি মিলাদ তথা ছিৰাট সন্মিলন আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবী উপলক্ষে দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পয়গম্বৰ মহম্মদৰ জীৱন দৰ্শনে প্ৰেম আৰু ভাতৃত্বৰ বোধ শক্তিশালী কৰাৰ বাবে সকলোকে উৎসাহিত কৰাৰ লগতে সমাজত সমতা আৰু সম্প্ৰীতি ৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ সকলোকে মানৱতাৰ প্রতি সেৱা আগবঢ়াই যাবলৈ অনুপ্ৰাণিত কৰিছিল বুলি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ বাৰ্তাত উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে পৱিত্ৰ কোৰাণৰ শিকনিসমূহ অনুসৰণ কৰি এখন শান্তিপূর্ণ সমাজ গঠনৰ হকে কাম কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মিলাদ-উন-নবী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি হজৰত মহম্মদৰ কৰুণা, ন্যায় আৰু নম্ৰতাৰ আদৰ্শক স্মৰণ কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনায়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদ-উন-নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে সম্প্রীতি আৰু একতা সদায়ে বৰ্তি থকাৰ লগতে চাৰিওদিশে সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক