দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো শিক্ষক দিৱস পালন

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়৷ দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰদান কৰিব। এই অনুষ্ঠানতে টেঙাখাতৰ চিচিয়া বকুলনি ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দীপেন খনিকৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে কৈছে যে, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অসাধাৰণ অৱদানৰ উদযাপন আৰু স্কুলীয়া শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জীৱন সমৃদ্ধ কৰা একাংশ শিক্ষকক সন্মানিত কৰাই ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ মূল উদ্দেশ্যে। ইপিনে, ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত ড়ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান উদযাপন কৰা হৈছে। এই অনুষ্ঠানত চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা ১৩গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ৰাজ্যিক বঁটা প্ৰদান কৰা হ’ব। মাধ্যমিক শাখাত ৮ গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিউতি লেখাৰু শ‍ইকীয়া, যোৰহাটৰ মণি দত্ত, লখিমপুৰৰ কল্পনা গগৈ, যোৰহাটৰ প্ৰশান্ত কুমাৰ মহন্ত, তিনিচুকীয়াৰ মিনু ৰাণী বৰা, বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপৰ হীৰেন কুমাৰ দাস আৰু শিৱসাগৰৰ হীৰেন কুমাৰ নেওগ। আনহাতে প্ৰাথমিক শাখাত পাঁচ গৰাকী শিক্ষক ক্ৰমে ধেমাজিৰ গকুল চুতীয়া, কাছাৰ অতনু চৌধুৰী, দৰঙৰ ৰিজু ৰেখা দেৱী, ডিব্ৰুগড়ৰ সংগীতা দেৱী আৰু শিৱসাগৰৰ লোহিত চেতীয়াক কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকে কালি এই সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰে। অনুষ্ঠানত নাকৰ মূল্যায়নত A++ আৰু A+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বতন্ত্ৰ মৰ্যাদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে পেটেণ্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক