ডাউনলোড
মোবাইল এপ

android apple
signal

October 12, 2024 11:52 AM | Dashera

printer

দেশৰ বিভিন্ন অংশত বিজয়া দশমী বা দশেৰা পালন

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী বা দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে নৱৰাত্ৰি আৰু শাৰদীয় দুর্গোৎসৱৰো সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিজয়া দশমী উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা শুভেচ্ছা বার্তা যোগে কৈছে যে, এই উৎসৱে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ বিজয়ৰ কথাকে সূচায়। তেওঁ কয় যে, এই উৎসৱৰ সৈতে মর্যাদা, কৰ্তব্য পৰায়নতা, সদাচাৰ, বিনয় আৰু সাহসিক সংঘৰ্ষৰ ভালেমান প্ৰেৰণাদায়ক কাহিনী জড়িত হৈ আছে৷ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে আস্থাৰ এই উৎসৱে সকলোৰে জীৱনলৈ সাফল্য, সংমৃদ্ধি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক