কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দেশত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে এটা উমৈহতীয়া আৰু সুদূৰ প্ৰসাৰী নীতি যুগুত কৰাৰ বাবে দীৰ্ঘ দিনৰে পৰা গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে। এই বৈঠকত শ্ৰীশ্বাহে ছিকিম আৰু মণিপুৰত অলপতে হোৱা বান পৰিস্থিতিৰ সবিশেষ অধ্যয়ন কৰি সংশ্লিষ্ট বিভাগক গৃহ মন্ত্ৰ্যালয়ৰ হাতত এখন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চলত অতি কমেও ৫০টা বৃহৎ পুখুৰী নিৰ্মাণ কৰা উচিত যাতে ব্ৰহ্মপুত্ৰৰ পানী পৃথকে বোৱাই নি এই বৃহৎ আকাৰৰ পুখুৰীত সংৰক্ষণ কৰিব পৰা যায়। তেওঁ কয় যে, ইয়াৰ ফলত কৃষি, জলসিঞ্চন আৰু পৰ্যটন খণ্ডৰ উন্নয়ন সাধন হৈ স্থানীয় অর্থনীতি টনকীয়াল কৰিব। শ্রীশ্বাহে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ দুৰ্যোগ ব্যৱস্থাপনা খণ্ডত কোনো ধৰণৰ বাধা নোহোৱাকৈ বিশেষ অগ্রগতি লাভ কৰিছে। শ্ৰীশ্বাহে লগতে হঠাতে হিমবাহ হ্ৰদৰ বিস্ফোৰণ হোৱাৰ ফলত সৃষ্টি হোৱা বানপানীৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক বান আৰু জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিভিন্ন সংস্থাসমূহে যোগান ধৰা উপগ্ৰহৰ প্ৰতিছবিৰ সহায়ত এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক বান ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা সতর্কতাসমূহ সময়মতে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্রীয় জল আয়োগক আগতীয়াকৈ বানৰ সন্দৰ্ভত অৱগত হোৱাৰ বাবে সকলো ধৰণৰ সঁজুলি পুনৰ মানাংকন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে সকলো বৃহৎ বান্ধৰ গেটসমূহ ভাল অৱস্থাত থকাটো সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে। শ্রীশ্বাহে কয় যে, কেন্দ্রীয় জল আয়োগৰ বান নিৰীক্ষণ কেন্দ্ৰসমূহে দেশৰ প্ৰয়োজনীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে উন্নত বান ব্যৱস্থাপনাৰ বাবে নদীসমূহৰ জলস্তৰৰ পৰিমান সময়ে সময়ে জাৰি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্তৃপক্ষক আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰ্যালয়ক বনজুই প্রতিহত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও বজ্ৰপাতৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে এছ এম এছ, টি ভি, এফ এম ৰেডিঅ’ আৰু অন্যান্য মাধ্যমত সতর্কতা জাৰি কৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগক নির্দেশ দিছে। আজিৰ বৈঠকত জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিল, গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিবকে ধৰি বিভিন্ন মন্ত্ৰ্যালয়ৰ সচিব আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
Site Admin | June 23, 2024 8:08 PM | Amit Shah