April 17, 2024 11:21 AM | PM Modi on Guwahati

printer

দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰে তীব্ৰতা লাভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত ৰোড শ্বত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনায়। শ্রী মোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্রধানমন্ত্ৰীয়ে আজি বৰপেটা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীৰ বৰকুৰাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব। ইপিনে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ জেংৰাইমুখৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তদুপৰি, আমগুৰিৰ জাঁজীতো দলীয় প্ৰাৰ্থীৰ্গৰাকীৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলায়। আনহাতে, কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে কালি যোৰহাটৰ তিতাবৰত উপস্থিত হৈ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযানত ভাগ লয় । ইপিনে, গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে কালি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীৰ্গৰাকীৰ সৈতে কংগ্ৰেছ নেত্রী অলকা লাম্বাও উপস্থিত থাকে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল দলৰ ললিত পেগুৰ লগতে দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰহ্ম আৰু পৃথিৰাজ নাৰায়ণ দেৱ মেছে মনোনয়ন দাখিল কৰে। তৃতীয় পৰ্যায়ৰ বাবে ১৯ এপ্রিল মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। আনহাতে, ২২ এপ্রিল হৈছে মনোনয়ন প্রত্যাহাৰৰ শেষ দিন। এই পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ৭ মে’ত ভোটগ্রহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক