দেশৰ বাকী অংশৰ লগতে অসমতো ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। শ্ৰী মোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি আজি বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈকে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড আৰু ডি ছে ৰোডত বাণিজ্যিক সামগ্রী কঢ়িওৱা কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব। আনহাতে, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড আৰু জি এছ ৰোডত মন্থৰ গতিৰ যান-বাহন চলাচলত বাধা কৰা হৈছে বুলি গুৱাহাটী উপ আৰক্ষী আয়ুক্তৰ যান-বাহন শাখা কাৰ্যালয়ৰ পৰা এইকথা জানিবলৈ দিয়ে। প্রধানমন্ত্ৰীগৰাকীয়ে কাইলৈ বৰপেটা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নির্বাচনী প্ৰচাৰত অংশ ল’ব। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্রস্তুতি অব্যাহত আছে। ইপিনে, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল’ব । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ জেংৰাইমুখৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে, কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে আজি যোৰহাটৰ তিতাবৰত উপস্থিত হৈ এখন নিৰ্বাচনী সভাত অংশগ্রহণ কৰে। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব ৷ গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীৰ্গৰাকীৰ সৈতে কংগ্ৰেছ নেত্রী অলকা লাম্বাৰ উপস্থিতি থাকে।

অধিক পঢ়ক

সকলো চাওক