April 8, 2024 8:26 PM | PM chatishgarh

printer

দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী :- প্ৰধানমন্ত্ৰী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী। চত্তিশগড়ৰ বাষ্টাৰ খণ্ডৰ আমাবল গাওঁত অনুষ্ঠিত এখন জনসভাত ভাষণ দি আজি শ্রীমোদীয়ে কয় যে, জনসাধাৰণৰ সপোনেই হৈছে মোদীৰ গেৰাণ্টী। তেওঁ কয় যে, তেওঁৰ লক্ষ্য হৈছে দেশৰ বিকাশ সাধন তথা প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালী কৰি তোলা। শ্রীমোদীয়ে কয় যে, বিগত ১০ বছৰত কেন্দ্ৰত থকা বিজেপি চৰকাৰে দৰিদ্ৰ লোকৰ বাবে বহুবোৰ কল্যাণমূলক আঁচনি হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয় যে চত্তিশগড়ৰ বাষ্টাৰ খণ্ড হৈছে ইয়াৰ উৎকৃষ্ট উদাহৰণ। আনহাতে, বিগত ১০ বছৰত দেশত ২৫ কোটি লোকে দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বিনামুলীয়া ৰেচন আৰু আয়ুষ্মানৰ দৰে আঁচনিসমূহে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ জমা ধন বৃদ্ধি কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ সময়ত দুর্নীতি দেশৰ পৰিচয় হিচাপে পৰিণত হৈছিল। কংগ্ৰেছ চৰকাৰে দৰিদ্ৰ লোকসকলৰ বিষয়ে কেতিয়াও চিন্তা কৰা নাছিল বুলিও শ্রীমোদীয়ে লগতে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক