ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদাক অগ্ৰাধিকাৰ প্ৰদান কৰি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনত ৱাকফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক গৃহীত হোৱাটো আর্থ সামাজিক ন্যায় স্বচ্ছতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত চৰকাৰে চলাই অহা অবিৰত প্ৰচেষ্টাৰ দিশৰ পৰা ঐতিহাসিক বুলি মত প্ৰকাশ কৰিছে। সামাজিৰ মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে, এই বিধেয়ক গৃহীত হোৱাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা আৰু বিধেয়ক দুখনক শক্তিশালী স্থিতিত উপনীত কৰোৱা সাংসদসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। একেদৰে সংসদীয় সমিতিলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা জনসাধাৰণকো তেওঁ ধন্যবাদ জনায়। স্বচ্ছতা আৰু দায়বদ্ধতাৰ অভাৱত দশক দশক ধৰি মুছলমান মহিলা আৰু দৰিদ্ৰ মুছলমান লোকসকলৰ স্বাৰ্থ বিঘ্নিত কৰি অহা ৱাকফ প্রক্রিয়াত হস্তক্ষেপ কৰি সংসদে গ্ৰহণ কৰা এই বিধেয়কে বিষয়টোলৈ স্বচ্ছতা অনাৰ লগতে জনসাধাৰণৰ অধিকাৰক সুৰক্ষিত কৰিব বুলিও শ্ৰী মোদীয়ে মত প্রকাশ কৰে। তেওঁ লগতে কয়, যে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদাক অগ্ৰাধিকাৰ প্ৰদান কৰি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, ৱফ সংশোধনী বিধেয়ক ২০২৫ কালি সংসদত গৃহীত হয়। ৰাজ্যসভাই প্ৰায় ১২ ঘণ্টা জোৰা আলোচনাৰ অন্তত যোৱানিশা বিধেয়কখনত অনুমোদন জনায়। উচ্চ সদনত ১২৮ গৰাকী সদস্যই সংশোধনী বিধেয়কখনৰ সপক্ষে আৰু ৯৫ গৰাকীয়ে বিপক্ষে ভোটদান কৰে। ইয়াৰ পূৰ্বে লোকসভাতো বিধেয়কখন গৃহীত হয়।রফ সংশোধনী বিধেয়ক ২০২৫ৰ মূল উদ্দেশ্য হৈছে- ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱাকফ পৰিষদৰ সা-সম্পত্তিৰ ব্যৱস্থাপনাৰ দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱাক্‌ফ পৰিষদ আৰু স্থানীয় কর্তৃপক্ষসমূহৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ বিচৰা হৈছে। বিধেয়কখনত মুছলমান মহিলা বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ-সামাজিক স্থিতিৰ উন্নয়নৰ ব্যৱস্থা আছে। সংসদে কালি মুছলমান ৱাক্‌ফ বাতিলকৰণ বিধেয়ক ২০২৪তো অনুমোদন জনায়। এই বিধেয়কখনে ১৯২৩ চনৰ মুছলমান ৱফ আইনৰ ঠাই ল’ব।

অধিক পঢ়ক

সকলো চাওক