August 11, 2024 7:45 PM | IMD

printer

দেশৰ পূব, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম অংশত ১৬ আগষ্ট পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ পূব, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম অংশত ১৬ আগষ্ট পর্যন্ত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী ৫ দিনত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি অনুমান কৰিছে। এই সময়ছোৱাত হিমাচল প্রদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগ প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক