দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব। অহা সপ্তাহৰ আৰম্ভণিতে বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে। এতিয়াও বলবৎ হৈ থকা ১৯৬১ চনৰ আয়কৰ আইনৰ অৱসান ঘটাবলৈ কেন্দ্ৰই এই নতুন আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। বিত্ত মন্ত্রী নির্মলা সীতাৰমনে শেহতীয়া বাজেট দাখিলৰ সময়তে কেবিনেটত নতুন আয়কৰ বিধেয়কৰ অনুমোদন দিয়া হ’ব বুলি ঘোষণা কৰিছিল। বিধেয়কখন স্পষ্ট আৰু পোনপটীয়া হ’ব বুলিও বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল৷
আর্থিক বিশ্লেষকসকলে অনুমান কৰা অনুসৰি নতুন আইনে আইন বিৰোধী কাম-কাজৰ সুৰুঙা বন্ধ কৰাৰ উপৰি আয়কৰৰ ক্ষেত্ৰত থকা জটিলতা বহু পৰিমাণে দূৰ কৰিব। কেন্দ্ৰীয় কেবিনেটে আয়কৰ আইনখনত আজি অনুমোদন দিলে কেন্দ্রীয় বিত্তমন্ত্ৰীয়ে ১০ ফেব্ৰুৱাৰীত বিধেয়কডখন সংসদত উত্থাপন কৰাৰ সম্ভাৱনা আছে।
Site Admin | February 7, 2025 11:25 AM | Cabinet Decision
দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব
