September 29, 2024 6:31 PM | Mann Ki Baat

printer

দেশৰ জনসাধাৰণ যোগাত্মক তথ্য পাবৰ বাবে কিমান আগ্ৰহী সেয়া মন কী বাতে প্ৰমাণ কৰি দেখুৱাইছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

মন কী বাতৰ ১১৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে, এইটো খণ্ড তেওঁৰ বাবে বিশেষভাৱে আৱেগিক, কাৰণ এই অনুষ্ঠানে ১০ বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। তেওঁ কয় যে, ১০ বছৰ পূৰ্বে ৩ অক্টোবৰত বিজয়া দশমীৰ দিনা মন কী বাত আৰম্ভ হৈছিল। তেওঁ কয় যে, দেশৰ বিভিন্ন কোণৰ পৰা বিভিন্ন বিষয়ৰ তথ্য দি কোটি কোটি শ্রোতাই মন কী বাতক সমৃদ্ধ কৰিছে। শ্ৰোতাসকলক এই অনুষ্ঠানৰ প্ৰকৃত আঁত ধৰোতা বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে, দেশৰ লোকসকল যোগাত্মক তথ্য পাবৰ বাবে কিমান আগ্ৰহী হৈ থাকে সেয়া মন কী বাতে প্ৰমাণ কৰি দেখুৱাইছে। প্রধানমন্ত্ৰীয়ে মন কী বাতৰ ১০ বছৰত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰসাৰ ভাৰতীৰ সৈতে জড়িত সকলোকে প্ৰশংসা কৰি কয় যে, তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে মন কী বাতে গুৰুত্বপূৰ্ণ মাইলৰ খুটি স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে টিভি চেনেল, ছপা মাধ্যম আৰু ইউটিউবাৰসকলকো ধন্যবাদ জনায়। তেওঁ কয় যে, এই অনুষ্ঠান দেশৰ ২২ টা ভাষাৰ উপৰি ১২ টা বিদেশী ভাষাতো শুনিব পৰা যায় ৷সমাগত উৎসৱৰ বতৰ সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে কয় যে, নৱৰাত্ৰীৰে আৰম্ভ হৈ পৰৱৰ্তী দুমাহ পৰ্যন্ত পুজা অৰ্চনা, উপবাস, আনন্দ, অব্যাহত থাকিব। আহিবলগীয়া উৎসৱসমূহৰ বাবে তেওঁ দেশবাসীক শুভেচ্ছা জনায়।

অধিক পঢ়ক

সকলো চাওক