দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা দেশত ৩ খন নতুন আইন বলবৎ

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে। নতুন আইন অনুসৰি আৰক্ষীয়ে এতিয়া কোনোধৰণৰ স্পষ্টিকৰণ অবিহনে ২৪ ঘণ্টাৰ বাবে সন্দেহজনক অভিযুক্তক আটক কৰিব পাৰে। আনহাতে পলাতক অৱস্থাত থকা অপৰাধীৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ উপৰি তেনে অৱস্থাতে বিচাৰৰ ৰায় ঘোষণা কৰিব পৰা ব্যৱস্থা কৰা হৈছে। এই আইন বলবৎ হোৱাৰে পৰা নাগৰিকে দেশৰ যিকোনো এটা স্থানত থকা অৱস্থাত তেওঁৰ সৈতে সংঘটিত হোৱা অপৰাধৰ এজাহাৰ মোবাইল যোগে নাইবা নিজৰ স্থানীয় থানাটো দাখিল কৰিব পাৰিব। তদুপৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১১১ নম্বৰ ধাৰা অনুসৰি গণ হত্যা নাইবা ম’ৰেল প’লিচিঙৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এনে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত যাৱজ্জীৱন কাৰাদণ্ড নাইবা ৫লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা ৰখা হৈছে। অপৰাধী সাৰি যাব নোৱাৰাকৈ নতুন আইনত কঠোৰ ব্যৱস্থা ৰখা হ’ব। এতিয়াৰে পৰা প্ৰযুক্তিৰ সহায়ত বিভিন্ন আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। WHATSAPP যোগেও চমন জাৰি কৰিব পৰা ব্যৱস্থা লোৱাৰ লগতে মোবাইলৰ এছএমএছ, ফটো, অডিঅ’ বা ভিডিঅ’ আদিও সাক্ষ্য হিচাপে লোৱা হ’ব। সাক্ষী সুৰক্ষা আঁচনি প্ৰৱৰ্তনৰ দ্বাৰা নতুন আইনত সাক্ষীৰ বিশেষ সুৰক্ষাৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ ফলত কোনো গোচৰৰ সাক্ষীয়ে আৰক্ষীৰ ওচৰলৈ গৈ সহায় বিচাৰিব পাৰে। আনহাতে নতুন আইনত আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰাৰ আগতে, অভিযোগকাৰীৰ আদালতৰ সন্মুখত তথ্য উপস্থাপন কৰাৰ অধিকাৰ দিয়া হৈছে।
ইপিনে নতুন আইন তিনিখন সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ বাবে প্ৰশাসন, আৰক্ষী আৰু অধিবক্তাসকলৰ বিভিন্ন স্থানত প্রশিক্ষণ অনুষ্ঠিত হৈছে। তদুপৰি ঠায়ে ঠায়ে জনসাধাৰণক আইন তিনিখন সন্দৰ্ভত সজাগ কৰি তোলাৰ বাবে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চিৰাং জিলাৰ কাজলগাঁও থানা চৌহদত কালি এই উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, গাঁওৰক্ষী বাহিনীৰ সম্পাদককে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক