কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে আজি দেশৰ গাড়ীচালকসকলৰ বাবে এটা সমবায় সংগঠন মুকলি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছে। আহমেদাবাদৰ জেটালপুৰত আহমেদাবাদ জিলাৰ জিলা সমবায় বেংকৰ শতবার্ষিকী উদযাপন অনুষ্ঠানৰ সামৰণি সমাৰোহত মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়ে। তেওঁ কয় যে চৰকাৰে কৃষি তথা দুগ্ধ উৎপাদন খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে পৰৱৰ্ত্তী পাঁচ বছৰত সমবায় আন্দোলনৰ সৈতে ২ লাখ সেৱা সমবায় সমিতি তথা গুৰুত্বপূৰ্ণ দুগ্ধ উৎপাদন গোটক সংযুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। গুজৰাট ভ্ৰমণৰত মন্ত্ৰীগৰাকীয়ে আদালতৰ অধিবক্তাসকলৰ শপত গ্রহণ অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷
Site Admin | March 9, 2025 8:02 PM | Amit Shah
দেশৰ গাড়ীচালকসকলৰ বাবে এটা সমবায় সংগঠন মুকলি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ ঘোষণা
