September 17, 2024 7:00 PM | Supreme Court of India

printer

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কাৰ্য চলাব পৰা নাযাব বুলি  উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে আজি দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কাৰ্য চলাব পৰা নাযাব বুলি এটা অন্তৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে’লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থানত অবৈধ দখলৰ ক্ষেত্ৰত এই আদেশ প্রযোজ্য নহ’ব বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। ন্যায়াধীশ ডি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ আদালতে আজি এই ৰায় দিয়ে।

অধিক পঢ়ক

সকলো চাওক