August 11, 2024 8:11 PM | PM Modi

printer

দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, তেওঁ আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতি মুকলি কৰে। তেওঁ লগতে কয় যে, ইয়ে কৃষকসকলৰ আয় বৃদ্ধিত সহায় কৰিব। মুকলি কৰা ১০৯টা প্ৰজাতিৰ ভিতৰত ৩৪ বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু ২৭ বিধ উদ্যান শস্য আছে। ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মিলেট, বিভিন্ন খাদ্য শস্য, দানা জাতীয় শস্য, তৈলবীজ, দাইল, কুঁহিয়াৰ, কঁপাহ, আঁহজাতীয় শস্য আৰু অন্য সম্ভাৱনাপূর্ণ শস্য আছে। উদ্যান জাতীয় শস্যসমূহৰ ভিতৰত ফলমূল, শাক-পাচলি, ফুল আৰু ঔষধি গছ অন্যতম। এই উপলক্ষে প্রধানমন্ত্রীয়ে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰে। এই নতুন প্ৰজাতিৰ শস্যসমূহৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে মূল্য আধাৰিত কৃষিৰ তাৎপৰ্য সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ৷ কৃষকসকলে কয় যে, এই নতুন প্রজাতিসমূহে তেওঁলোকৰ ব্যয় হ্ৰাস কৰাৰ ফলত এইসমূহ তেওঁলোকৰ বাবে অধিক লাভজনক হ’ব আৰু পৰিৱেশৰ ওপৰতো ইয়াৰ ইতিবাচক প্ৰভাৱ কৰিব । প্রধানমন্ত্ৰীয়ে মিলেটৰ গুৰুত্ব আৰু বৰ্তমান সময়ত লোকসকল কেনেদৰে পুষ্টিকৰ খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছে সেই সন্দৰ্ভতো আলোচনা কৰে। তেওঁ লগতে প্রাকৃতিক কৃষিকৰ্মৰ সুফল আৰু জৈৱিক কৃষিকৰ্মৰ প্ৰতি সাধাৰণ লোকৰ আস্থা বৃদ্ধি হোৱা সন্দৰ্ভতো আলোচনা কৰে। কৃষকসকলে প্রাকৃতিক কৃষিকৰ্মক উদগণি যোগোৱা ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। কৃষি বিজ্ঞান কেন্দ্ৰসমূহে কৃষকসকলক নতুন প্রজাতিসমূহৰ লাভালাভ সন্দৰ্ভত প্রতিমাহে কৃষকসকলক প্রয়োজনীয় তথ্যপাতিৰ যোগান ধৰি এই সন্দৰ্ভত তেওঁলোকৰ সজাগতা বৃদ্ধিত সহায় কৰিব বুলি শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে। শ্ৰী মোদীয়ে লগতে নতুন প্রজাতিৰ শস্যসমূহ বিকশাই তোলাৰ বাবে বিজ্ঞানীসকলৰ শলাগ লয় । ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে, কৃষকসকলৰ বাবে আজিৰ দিনটো আজি এটা ঐতিহাসিক দিন। তেওঁ কয় যে, এই নতুন প্ৰজাতিৰ শস্যৰ বীজসমূহ জলবায়ু অনুকূল আৰু এই শস্যসমূহ অত্যন্ত পুষ্টিকৰ।

অধিক পঢ়ক

সকলো চাওক