ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা শনিবাৰলৈকে মধ্য প্রদেশ, চত্তিশগড়, বিদর্ভ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, গংগা উপত্যকা অঞ্চল, ঝাৰখণ্ড, ওড়িশা, বিহাৰ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধুমুহা গাজনীৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। ইপিনে, বিভাগটোৱে অহা ৭ দিনত তেলেংগানা, কেৰালা আৰু মাহেটো ধুমুহা, বৰষুণ আৰু বজ্ৰপাত হব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। মধ্য প্ৰদেশ আৰু বিদৰ্ভত কাইলৈ ঠায়ে ঠায়ে শিল বৰষুণ হ’ব পাৰে বুলিও বিভাগে লগতে প্ৰকাশ কৰিছে। আনহাতে, অহা ৫ দিনত উত্তৰ পূৱ ভাৰততো বৰষুণৰ লগতে তুষাৰপাত আৰু ঠায়ে ঠায়ে ধুমুহা গাজনীৰে বজ্ৰপাত হ’ব বুলি আগলি বতৰা দিছে। ভূমধ্য সাগৰীয় অঞ্চলত দেখা দিয়া ক্রান্তীয় ধুমুহাৰ ফলস্বৰূপে বতৰৰ এনে পৰিৱৰ্তন হব বুলি বিভাগটোৱে জনাইছে। ইফালে, সৌৰাষ্ট্ৰ আৰু কচ্চত কিছু কিছু অংশত অহা বৃহস্পতিবাৰলৈকে গৰমৰ প্ৰকোপ অব্যাহত থাকিব। কেৰালা আৰু মাহেটো অহা দুটা দিনত কোনো কোনো সময়ত গৰম অব্যাহত থাকিব।
Site Admin | April 9, 2024 8:14 PM | IMA
দেশৰ আন আন অঞ্চলৰ লগতে উত্তৰ পূৱ ভাৰততো বৰষুণৰ লগতে তুষাৰপাত, ধুমুহা গাজনীৰে বজ্ৰপাত হ’ব বুলি আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
