September 7, 2024 6:12 PM | Assam | Ganes Puja

printer

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ধৰ্মীয় ৰীতি-নীতিৰে গণেশ পূজা পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধি দাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ লতাশিল, গণেশগুৰি আৰু খানাপাৰাৰ গণেশ মন্দিৰত পুৱাতে সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। গণেশ চতুর্থী উপলক্ষে গণেশ মন্দিৰসমূহত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কামাৰদৈচা লক্ষীবজাৰত আজি গণেশ চতুর্থী উপলক্ষে পুৱাৰেপৰা ভগৱান গণেশৰ বন্দনাৰে চৌদিশ মুখৰিত হৈ পৰে। বিগত ৫৯ বছৰ ধৰি এই অঞ্চলত গণেশ চতুর্থী পালন কৰি অহা হৈছে। ধুবুৰী আৰু গোৱালপাৰা জিলাতো গণেশ চতুর্থী উপলক্ষে পূজা-অৰ্চনাৰ আয়োজন কৰা হৈছে। বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাত যথাবিহিত ৰীতি-নীতিৰে গণেশ চতুর্থী পালন কৰা হৈছে। বৰপুৰ এছ টি ৰোডত ৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই পূজাৰ সৈতে সংগতি ৰাখি শিশুসকলৰ মাজত বিভিন্ন প্রতিযোগিতাৰো আয়োজন কৰা হৈছে। তদুপৰি সন্ধিয়াৰ ভাগত সকলোৰে বাবে বিশেষ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গণেশ চতুর্থী উপলক্ষে দেশৱাসীক ওলগ জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও গণেশ চতুর্থী উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছে আৰু সকলোৰে সমৃদ্ধিৰ বাবে গণেশ দেৱতাক প্ৰাৰ্থনা জনাইছে।

অধিক পঢ়ক

সকলো চাওক