ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে। এই বিদ্যালয়সমূহৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ প্ৰায় চাৰে তিনি লাখ শিক্ষার্থী উপকৃত হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে ৭২১খন বিদালয়ত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ভিতৰত ৪৭৭খন বিদ্যালয় কার্যক্ষম হৈ উঠিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰীয়ে দুৰ্গা দাস উইকে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে জনজাতীয় সম্প্ৰদায়ৰ শিশুসকলক নিজা পৰিবেশত শিক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৮-১৯ বৰ্ষত কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচপে একলব্য আদর্শ আৱাসিক বিদ্যালয় আৰম্ভ কৰা হৈছিল। তেওঁ কয় যে এই আঁচনিৰ অধীনত চৰকাৰে ৫০ শতাংশৰো অধিক অথবা কমেও ২০ হাজাৰ অনুসূচিত জনজাতিৰ লোক থকা প্ৰতিটো উন্নয়ন খণ্ডত একোখনকৈ একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক