ডাউনলোড
মোবাইল এপ

android apple
signal

April 5, 2025 11:19 AM | Maritime Day

printer

দেশত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস। জাহাজ পৰিবহণ উদ্যোগত দেশৰ উল্লেখনীয় অগ্ৰগতিক সুঁৱৰি ভাৰতে আজি ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন কৰিব। সামুদ্রিক অভিযানৰ গুৰুত্বত আলোকপাত কৰাৰ উপৰি কেইবামাহ ধৰি সমুদ্ৰত সাহসিকতাৰে কৰ্মৰত লোকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ চিন স্বৰূপে প্ৰতিবছৰে ৫ এপ্ৰিলত এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় সামুদ্রিক দিৱসৰ লগত সংগতি ৰাখি ৩০ মাৰ্চৰ পৰা আজি পর্যন্ত মার্চেন্ট নেভী সপ্তাহো পালন কৰা হৈছে। এই দিৱস উপলক্ষে গুজৰাটৰ কাট্‌ছ উপকূলৰ কাণ্ডালা বন্দৰত আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভাৰতৰ সামুদ্রিক খণ্ডই দেশৰ বাণিজ্যৰ ক্ষেত্ৰ প্ৰায় ৯৫ শতাংশ পৰিবহণৰ জৰিয়তে ব্যৱসায় আৰু বাণিজ্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে। ১৯১৯ চনৰ পৰা বৰ্তমানলৈকে ভাৰতে সামুদ্রিক পৰিবহণৰ ক্ষেত্ৰত নিজৰ স্থিতি সবল কৰি বিশ্বৰ ভিতৰতে ষোড়শ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ভাৰতত বৰ্তমান ১২টা মূল বন্দৰ আৰু ৭ হাজাৰ ৫০০ কিলোমিটাৰৰো অধিক উপকূলীয় অঞ্চল আছে।

অধিক পঢ়ক

সকলো চাওক