দেশত স্বীকৃতি প্রাপ্ত ষ্টার্টআপ উদ্যমসমূহে এই পর্যন্ত ১৫ লাখ ৫০ হাজাৰৰো অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰিছে

দেশত স্বীকৃতি প্রাপ্ত ষ্টার্টআপ উদ্যমসমূহে এই পর্যন্ত ১৫ লাখ ৫০ হাজাৰৰো অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহৰ অধীনত গ্ৰহণ কৰা পদক্ষেপৰ সহায়ত ষ্টার্টআপসমূহে অনাগত সময়ত অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে যুৱ উদ্যমীসকলক আগবঢ়াই আনিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ঔদ্যোগীক বিকাশ আৰু অভ্যন্তৰীণ বাণিজ্য বিভাগে যোৱা ৩০ জুন পর্যন্ত এক লাখ ৪০ হাজাৰ ৮০৩টা ষ্টার্টআপক স্বীকৃতি দিছে বুলি লোকসভাত দক্ষতা বিকাশ আৰু উদ্যামিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে এটা লিখিত উত্তৰত প্ৰকাশ কৰে। তেওঁ কয় যে, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰ্যালয়েও প্রধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত কৃষি বর্হিভূত খণ্ডসমূহত উদ্যমিতাক উৎসাহিত কৰাৰ বাবে সাহায্য আগবঢ়াইছে। ইয়াৰ লগতে পৰম্পৰাগত কাৰু শিল্পী বা হস্তশিল্পী গ্ৰামীন আৰু নগৰীয়া কৰ্মসংস্থাপনহীন যুবক-যুৱতীসকলকো ইয়াৰ দ্বাৰা নিয়োগৰ সুবিধা দিয়াৰ চেষ্টা কৰা হৈছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, আৰম্ভণীৰে পৰা ৯ লাখ ৬৯ হাজাৰৰো অধিক ক্ষুদ্র উদ্যোগক প্ৰান্তীয় ৰাজ সাহায্য কাৰ্যসূচীৰ অধীনত ২৫ হাজাৰ ৫০০ কোটিতকৈও অধিক ধন প্ৰদানেৰে সহায় কৰা হৈছে। তদুপৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৭৯ লাখৰো অধিক লোকক কর্মসংস্থাপনৰ সুবিধা দিয়া হৈছে বুলি তেওঁ কয়। অহা দুটা বিত্তীয় বৰ্ষত মন্ত্ৰালয়ে এক লাখ ৬০ হাজাৰ নতুন উদ্যোগ প্ৰতিষ্ঠা কৰাৰ উপৰি ১২ লাখ ৮০ হাজাৰৰো অধিক লোকক কর্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্য লৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। একেদৰে গ্ৰামোন্নয়ন মন্ত্রালয়ে দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীবিকা অভিযান ৰূপায়ণ কৰি গ্ৰামাঞ্চলৰ বহু লোকক কর্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্রীয় চৰকাৰে ২০১৬ চনৰ পৰা ব্যৱসায়িক সূচলতাৰ লক্ষ্যৰ ৫৫ টাৰো অধিক নীতিৰ ক্ষেত্ৰত সংস্কাৰ সাধন কৰিছে। আনহাতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত এঞ্জেল কৰৰ বিলোপ সাধন কৰি চৰকাৰে দেশৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক বিদেশী পুঁজি বিনিয়োগৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক