দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এখন নির্বাচনী সভাত ভাগ লয়। শ্রীমোদীয়ে দাবী কৰে যে, সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছে ভোটবেংকৰ কাৰণেহে কাম কৰাৰ বিপৰীতে এন ডি এয়ে দুখীয়া, দলিত আৰু অনগ্ৰসৰ জনসাধাৰণৰ প্ৰতি সমৰ্পিত হৈ কাম কৰিছে। সমাজবাদী পাৰ্টীক তীব্র সমালোচনা কৰি শ্ৰীমোদীয়ে আইন শৃংখলা আৰু সমাজবাদী পাৰ্টী পৰস্পৰৰ পৰিপন্থী বুলি দাবী কৰে। বৈঠকত অংশগ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনসাধাৰণে এখন নতুন ভাৰত প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ৰাজ্যখনৰ ঘোছি আৰু বান্সগাঁৱতো নিৰ্বাচনী সভাক সম্বোধন কৰে । আনহাতে, সমাজবাদী সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা অখিলেশ যাদৱে আজি চালেমপুৰ আৰু বলিয়াত প্ৰচাৰ চলায়। জনসাধাৰণক নিৰন্তৰ মিথ্যাচাৰেৰে পৰিচালিত কৰা বুলি দাবী কৰি শ্ৰীযাদৱে শাসক পক্ষক তীব্র সমালোচনা কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি হিমাচল প্ৰদেশত চিমলা সংসদীয় সমষ্টিৰ অধীনত নাহান আৰু চিৰমৌৰ জিলাত প্ৰচাৰত ভাগ লয়। কংগ্ৰেছ প্রার্থী বিনোদ চুলতানপুৰীৰ হকে প্ৰচাৰ চলাই কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে সংবিধান ৰক্ষাৰ হকে যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ লগতে যোৱা বছৰ ৰাজ্যখন ভালেমান প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হোৱা স্বত্বেও কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বুলি সমালোচনা কৰে। ৰাহুল গান্ধীয়ে আজি হামিৰপুৰ সংসদীয় সমষ্টিতো আন এখন নির্বাচনী সভাত ভাগ লয় ৷

অধিক পঢ়ক

সকলো চাওক