দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ

দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পর্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নবেন্দ্র মোদীয়ে কালি বিহাৰৰ বক্সাৰ সংসদীয় সমষ্টিৰ অহিৰৌলীত এখন নির্বাচনী সভাত ভাষণ দি লোকসভা নির্বাচনত আই এন ডি আই মিত্রজোঁটৰ পতন ঘটিব বুলি দাবী কৰে। ইয়াৰ পূৰ্বে তেওঁ কাৰাকাট আৰু পাতলিপুত্র সংসদীয় সমষ্টিত দুখন নির্বাচনী সভাত অংশ লয়। শ্রীমোদীয়ে উত্তৰ প্ৰদেশৰ গাজিপুৰতো দলীয় প্রার্থীৰ সমর্থনত প্ৰচাৰ চলায়। আনহাতে সমাজবাদী পার্টীৰ মূৰববী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্রাই কালি বাৰাণসীত এটা ৰোড শ্ব’ত অংশগ্রহণ কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে সমাজবাদী পার্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱৰ সৈতে গোৰখপুৰত এখন নির্বাচনী সভাতো ভাগ লয়। নিজৰ ভাষণত তেওঁ কয় যে, এন ডি এ চৰকাৰৰ ভুল নীতিৰ বাবেই দেশত মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতা বৃদ্ধি পাইছে আৰু জনসাধাৰণ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্য নাথে কালি ছালেমপুৰ, বলিয়া আৰু চান্দৌলিত দলীয় প্রার্থীৰ হকে নির্বাচনী সভাত অংশ লয়। ইপিনে বহুজন সমাজপাৰ্টীৰ মুৰববী মায়াৱতীয়ে গোৰখপুৰত এখন নির্বাচনী সভাত ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক