ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত মাছৰ উৎপাদন আৰু আয় বৃদ্ধি পাইছে : মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং

চৰকাৰে বিগত ১০ বছৰত মাছমৰীয়াসকলৰ কল্যানৰ বাবে ভালেমান পদক্ষেপ লৈছে আৰু এনে পদক্ষেপৰ ফলত দেশত মাছৰ উৎপাদন বৃদ্ধি পাইছে তথা মাছমৰীয়াসকল আয় বাঢ়িছে। মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি লোকসভাত মাছমৰীয়াসকলৰ সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীসিঙে কয় যে ভাৰত মাছ উৎপাদনৰ দিশৰ পৰা সম্প্ৰতি দ্বিতীয় স্থানত আছে। মীন পালন খণ্ডত বিকাশৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে সুকীয়া মীন পালন বিভাগ গঠন কৰিছে আৰু দেশত নীল বিপ্লৱৰ প্ৰসাৰৰ বাবে কাম কৰি আছে। মীন পালন খণ্ডৰ সৰ্বাত্মক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আৰম্ভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসিঙে কয় যে দেশত মীন পালনৰ আন্তঃগাথনিৰ প্ৰসাৰৰ বাবে মীন পালন আৰু জলজ কৃষি আন্তঃগাথনি উন্নয়ন পুঁজি গঠন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক