কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কৈছে যে দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক আন্তৰাষ্ট্ৰীয় স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰূপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীত আয়োজিত এখন বৈঠকত মাংকিপক্সৰ স্থিতি আৰু প্ৰস্তুতি সম্পৰ্কে পর্যালোচনা চলায়। বৈঠকত এই বুলি কোৱা হয় যে, মাংকিপক্সৰ সংক্ৰমণ সাধাৰণতে দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত নিজে নিজে নোহোৱা হয় আৰু ৰোগীসকলে সহায়ক ব্যৱস্থাপনাৰ জৰিয়তে সুস্থ হৈ উঠে। মন্ত্ৰ্যালয়ে কৈছে যে, সংক্ৰমিত ৰোগীৰ নিকট সংস্পৰ্শ আহিলে বা যৌন সম্পৰ্কৰ দ্বাৰা এই ৰোগ বিয়পে। সংক্ৰমিত ৰোগীৰ কাপোৰ-কানিৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ বিয়পিব পাৰে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। বৈঠকত ৰোগবিধৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত কোনো ৰোগী চিনাক্ত হলে সকলো বিমান বন্দৰ, বন্দৰ আৰু প্ৰৱেশপথত স্বাস্থ্য গোটসমূহৰ সংবেদনশীলকৰণ, পৰীক্ষাগাৰসমূহক সাজু কৰি তোলা আৰু প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য সুবিধাসমূহ সাজু কৰি ৰখা অন্যতম। পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত পৰহি বিশেষজ্ঞসকলৰ যুটীয়া নিৰীক্ষণ গোটৰ এখন বৈঠক অনুষ্ঠিত হোৱা বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে। স্বাস্থ্য মন্ত্ৰ্যালয়ে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।
Site Admin | August 18, 2024 11:35 AM | Health Ministry
দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাইঃ স্বাস্থ্য মন্ত্ৰ্যালয়
