দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা সম্পর্কে আলোচনা কৰা হয়। এই অনুষ্ঠানত চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰে। ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত সামূহিক গৃহ আৰু মধুপুৰ চাহ বাগিচা আদর্শ বিদ্যালয় প্ৰাংগণত ১০০ দিনীয়া সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে ১ জুলাইৰ পৰা দেশত তিনিখন নতুন আইন বলৱৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে। নতুন আইন অনুসৰি আৰক্ষীয়ে এতিয়া কোনোধৰণৰ স্পষ্টিকৰণ অবিহনে ২৪ ঘণ্টাৰ বাবে সন্দেহজনক অভিযুক্তক আটক কৰিব পাৰে। আনহাতে পলাতক অৱস্থাত থকা অপৰাধীৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ উপৰি তেনে অৱস্থাতে বিচাৰৰ ৰায় ঘোষণা কৰিব পৰা ব্যৱস্থা কৰা হৈছে। এই আইন বলবৎ হোৱাৰে পৰা নাগৰিকে দেশৰ যিকোনো এটা স্থানত থকা অৱস্থাত তেওঁৰ সৈতে সংঘটিত হোৱা অপৰাধৰ এজাহাৰ মোবাইল যোগে নাইবা নিজৰ স্থানীয় থানাটো দাখিল কৰিব পাৰিব। তদুপৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১১১ নম্বৰ ধাৰা অনুসৰি গণ হত্যা নাইবা ম’ৰেল পলিচিঙৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এনে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত যাৱজ্জীৱন কাৰাদণ্ড নাইবা ৫লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা ৰখা হৈছে। অপৰাধী সাৰি যাব নোৱাৰাকৈ নতুন আইনত কঠোৰ ব্যৱস্থা ৰখা হ’ব। এতিয়াৰে পৰা প্ৰযুক্তিৰ সহায়ত বিভিন্ন আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। WHATSAPPযোগেও চমন জাৰি কৰিব পৰা ব্যৱস্থা লোৱাৰ লগতে মোবাইলৰ এছএমএছ, ফটো, অডিঅ’ বা ভিডিঅ’ আদিও সাক্ষ্য হিচাপে লোৱা হ’ব। সাক্ষী সুৰক্ষা আঁচনি প্ৰৱৰ্তনৰ দ্বাৰা নতুন আইনত সাক্ষীৰ বিশেষ সুৰক্ষাৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ ফলত কোনো গোচৰৰ সাক্ষীয়ে আৰক্ষীৰ ওচৰলৈ গৈ সহায় বিচাৰিব পাৰে। আনহাতে নতুন আইনত আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰাৰ আগতে, অভিযোগকাৰীৰ আদালতৰ সন্মুখত তথ্য উপস্থাপন কৰাৰ অধিকাৰ দিয়া হৈছে। ইপিনে নতুন আইন তিনিখন সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ বাবে প্ৰশাসন, আৰক্ষী আৰু অধিবক্তাসকলৰ বিভিন্ন স্থানত প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। তদুপৰি ঠায়ে ঠায়ে জনসাধাৰণক আইন তিনিখন সন্দৰ্ভত সজাগ কৰি তোলাৰ বাবে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক