দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। পঞ্চম পৰ্যায়ত ২০ মে’ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পর্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ উত্তৰ প্ৰদেশত প্ৰচাৰ চলাব। প্রধানমন্ত্ৰীয়ে এই দুদিনত ১১টা লোকসভা সমষ্টি সামৰি ৭ খন নির্বাচনী সভাত ভাষণ দিব। শ্রীমোদীয়ে আজি জনপুৰ, ভাদহি, প্রতাপগড় আৰু আজমগড়ত জনসমাৱেশত অংশ ল’ব। তেওঁ লক্ষ্ণৌৰ ৰাজভৱনত নিশাটো কটাব আৰু কাইলৈ বাৰাবাংকী, ফতেহপুৰ আৰু হামিহপুৰ সমষ্টিত তিনিখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্য নাথে আজি ফতেহপুৰত দলৰ হকে প্ৰচাৰ চলাব। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়েও ফতেহপুৰত প্ৰচাৰ অভিযানত ভাগ ল’ব। আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী বাদ্ৰাই ভাতৃ ৰাহুল গান্ধীৰ হকে ৰায়বৰেলী সমষ্টিত প্ৰচাৰ চলাব। কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দি কে শিৱকুমাৰে আজি লক্ষ্ণৌত এখন সংবাদমেল সম্বোধন কৰিব। ইপিনে, ওড়িশাত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। বিজেপি, কংগ্ৰেছ আৰু বিজেডিৰ শীৰ্ষ নেতাসকলে পৰৱৰ্তী তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যখনৰ ঠায়ে ঠায়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি বিয়লি অস্কা সংসদীয় সমষ্টিৰ অধীনৰ চোৰাদাত এখন নির্বাচনী সভাত ভাষণ দিয়ে। পাছত শ্ৰীশ্বাহে কটকত এটা ৰোড শ্বত ভাগ লয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিয়লিৰ ভাগত দলৰ মহিলা কৰ্মীসকলৰ বৈঠকত ভাষণ দিয়ে। নেতাগৰাকীয়ে আজি সুন্দগড় আৰু বৰগড় সংসদীয় সমষ্টিত দুখন জনসভাত ভাগ লোৱাৰ লগতে ভূৱনেশ্বৰত এটা ৰোড শ্ব’ত অংশ ল’ব। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি বলাংগিৰত মটৰ চাইকেল সমদলত যোগদান কৰে আৰু এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। ওড়িশাৰ মুখ্যমন্ত্ৰী তথা বিজেডিৰ মুৰববী নবীন পাটনায়কে কালি ৰাজ্যখনৰ পশ্চিমপ্রান্তৰ সুন্দৰ সংসদীয় সমষ্টিৰ অধীনৰ ৰুৰকেল্লা আৰু সম্বলপুৰ লোকসভা সমষ্টিৰ অধীনৰ দেওগড়ত কেইবাখনো নির্বাচনী সভা সম্বোধন কৰে। দেশৰ অন্য অংশৰ লগতে মহাৰাষ্ট্ৰতো প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেই কালি নাচিকত এখন নির্বাচনী সভাত অংশ লয় কয় যে, বালাচাহেবে তেওঁক শিৱসেনাৰ দায়িত্ব অৰ্পন কৰি থৈ গৈছে। তেওঁ কয় যে, মহাৰাষ্ট্ৰৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাস কৰিছিল যদিও তেওঁ অমিত শ্বাহৰ সৈতে লগ হৈ ৰাজ্যখনৰ জনসাধাৰণক প্ৰৱঞ্চনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক