দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত ২০ মে’ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ’ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আজি মহাৰাষ্ট্ৰত প্ৰচাৰ চলায়। বিজেপি নেতা অমিত শ্বাহে আজি ওড়িশাত নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত কেইবাখনো নির্বাচনী সমাবেশত ভাগ লয়। দলৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ অধ্যক্ষ ওম বিবলাই আজি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। ইপিনে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়েও আজি দলৰ মহিলা কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিছে। আনফালে ৰাহুল গান্ধীয়েও ওড়িশাত নির্বাচনী সভা সম্বোধন কৰাৰ লগতে মটৰ চাইকেল সমদলত অংশ লয়। উল্লেখযোগ্য যে ওড়িশাত এইবাৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণো কৰা হ’ব। বিজেপি নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ৰাজ্যখনৰ গিবিধত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ডার্মা লোকসভা সমষ্টিৰ জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে।
Site Admin | May 15, 2024 6:01 PM | election compain