July 10, 2024 12:33 PM | India Govt.

printer

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গুণগত সংস্কাৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাচক্রত ভার্চুৱেল মাধ্যমেৰে দিয়া ভাষণত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ আৱশ্যকতাত আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো অংশীদাৰ বিশেষকৈ স্বদেশী প্ৰতিৰক্ষা উদ্যোগৰ উল্লেখযোগ্য ভূমিকাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি গুণগত নিশ্চয়তাৰ সঞ্চালক প্রধান লেফটেনেণ্ট জেনেৰেল আৰ এছ ৰিনে, ব্যৱসায়িক সূচলতাৰ লগতে আত্মনিৰ্ভৰ ভাৰতক উৎসাহ যোগোৱাৰ বাবে তেওঁৰ সংস্থাই গ্রহণ কৰা বিভিন্ন সংস্কাৰৰ বিষয়ে উল্লেখ কৰে। এই আলোচনাচক্ৰত ২৫০টাতকৈও অধিক উদ্যোগৰ প্ৰতিনিধি, এফ আই চি চি আই, এছোচেম আৰু চি চি আই আদিৰ দৰে উদ্যোগ গোটৰ সদস্যৰ লগতে বহুত ব্যক্তিয়ে ভাগ লয়।

অধিক পঢ়ক

সকলো চাওক