দেশত কাইলৈ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ

দেশত কাইলৈ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্ৰাৰ্থী। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দুখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যকে ধৰি দেশৰ ১৬ টা কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদা আৰু নগৰ হাভেলী, আৰু দমন আৰু দিউৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামৰণি পৰিব। অসমত কাইলৈ তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ ভোটগ্ৰহণত ৯ হাজাৰ ৫১৬ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই পৰ্যায়ত ৪টা সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি ৪৭ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জনতা ভৱনত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে, এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪০ হাজাৰ ৭০৫ জন ৮৫ বছৰৰ উৰ্ধৰ আৰু দুই লাখ ১০ হাজাৰ ১৭৭ জন নতুন ভোটদাতা আছে। ৰাজ্যখনত ৩০০টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ চিনাক্ত কৰাৰ লগতে এই ভোট কেন্দ্ৰসমূহত পর্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ৫০ শতাংশ ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব। ৮৪ টা আদৰ্শ ভোটগ্রহণ কেন্দ্ৰ আৰু ২৬ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্র থাকিব বুলি শ্রী গোৱেলে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক