শ্রম মন্ত্ৰালয়ে জাৰি কৰা বাৰ্ষিক পর্যাবৃত্ত শ্রম শক্তি জৰীপ অনুসৰি যোৱা বছৰ দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। এই ক্ষেত্ৰত হাৰিয়ানাৰ দৰে ৰাজ্যসমূহে গুৰুত্বপূৰ্ণ প্ৰগতি লাভ কৰিছে। প্রতিবেদন অনুসৰি ২০২৩-২৪ বৰ্ষৰ কর্মসংস্থাপনহীনতাৰ ৰাষ্ট্ৰীয় গড় হাৰ ৩ দশমিক ২ শতাংশ আছিল। এই হাৰ ২০২২-২৩ বৰ্ষৰ তুলনাত ৫ দশমিক এক শতাংশ হ্রাস পাইছে। হাৰিয়ানা, তামিলনাড়ু, চত্তিশগড় আৰু মধ্যপ্ৰদেশত কর্মসংস্থাপনহীনতাৰ হাৰ সৰ্বাধিক হ্ৰাস পাইছে। কর্মসংস্থাপনহীনতাৰ হাৰ সামগ্ৰিকভাৱে হ্ৰাস পোৱা সত্তেও একাংশ ৰাজ্যত এইহাৰ এতিয়াও অধিক হৈ আছে। এই ক্ষেত্ৰত ৮ দশমিক ২ শতাংশ হাৰেৰে গোৱা সবাতকৈ শীৰ্ষত আছে। ইয়াৰ পাছত কেৰালা আৰু নাগালেও ক্ৰমে ৭ দশমিক ২ শতাংশ আৰু ৭ দশমিক ১ শতাংশ হাৰেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপত কৰ্মসংস্থাপনহীনতাৰ হাৰ অধিক। লাক্ষাদ্বীপত এই হাৰ ১১ দশমিক ৯ শতাংশ হৈছে।
Site Admin | September 25, 2024 7:50 PM | Labour Ministry