■ দেশত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই যোৱা জুনত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ক’ল ইণ্ডিয়া লিমিটেডে ৮.৮৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত অন্য কোম্পানীসমূহে ১ কোটি ৬০ লাখ ৩০ হাজাৰ টন কয়লা উৎপাদন কৰে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত ৫৫.৪৯ শতাংশ অধিক।
Site Admin | July 4, 2024 3:06 PM | coal India govt | India Govt.