ভাৰতৰ সংবিধান গৃহীত হোৱাৰ দিনটো আজি সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে উদযাপন কৰা হৈছে। সংবিধান গৃহীত হোৱাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আজি বছৰজোৰা উদযাপন আৰম্ভ কৰিছে। সংবিধান দিৱস উপলক্ষে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুরে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিজৰ আচৰণক সংবিধানৰ আদৰ্শসমূহৰ দ্বাৰা অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়। তদুপৰি জনসাধাৰণক নিজৰ মৌলিক দায়িত্ব আৰু কৰ্তব্যসমূহ পালন কৰি যাবলৈও তেওঁ আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় সংবিধানক জীৱন্ত আৰু প্ৰগতিশীল নথি বুলি অভিহিত কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে দেশে সামাজিক ন্যায় আৰু সৰ্বাত্মক উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে চৰকাৰে সমাজৰ সকলো শ্ৰেণী, বিশেষকৈ দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে শেহতীয়াকৈ ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ সম্পৰ্কীয় নাৰী শক্তি বন্দনা অধিনিয়ম গৃহীত হোৱাৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই অধিনিয়মখনে মহিলা সৱলীকৰণৰ এটা নতুন যুগৰ সূচনা কৰিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে এই গুৰুত্বপূৰ্ণ দিনটোৱে সংবিধান গ্ৰহণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক উদযাপনৰ কথাকে সূচায়। তেওঁ কয়, যে ভাৰতে উল্লেখনীয় অর্থনৈতিক বিকাশ, শক্তিশালী আন্তঃগাঁথনি আৰু ডিজিটেল ব্যৱস্থাৰ ব্যাপক প্ৰসাৰৰ সৈতে অগ্ৰসৰ হৈছে আৰু এই সকলোবোৰ প্ৰচেষ্টাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সংবিধানখনে দেশত সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ চালিকা শক্তিৰূপে কাম কৰি আহিছে। তেওঁ লগতে সাংসদসকলক নিজ নিজ এলেকাৰ জনসাধাৰণৰ মাজত সংবিধান গ্ৰহণৰ ৭৫ বছৰ উদযাপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে সংবিধান গ্ৰহণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ নামত উৎসৰ্গিত এটা স্মাৰক মুদ্ৰা আৰু ডাকটিকট উন্মোচন কৰে । এই উপলক্ষে Making of the Constitution of India: A Glimpse আৰু Making of the Constitution of India and its Glorious Journey নামৰ দুখন গ্ৰন্থও উন্মোচন কৰা হয়। সংবিধানৰ সংস্কৃত আৰু মৈথেলি সংস্কৰণো মুকলি কৰা হয়। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, লোকসভা আৰু ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা, সাংসদ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Site Admin | November 26, 2024 7:32 PM | constitution day