সেনা বাহিনীৰ লোকসকলে দেশৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ বাবে আজি দেশজুৰি সেনা বাহিনী দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কৰ্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ তেতিয়াৰ জেনেৰেল কে এম কেৰিয়াপ্পাই দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় সেনা বাহিনীৰ প্ৰথমগৰাকী মুৰববী হিচাপে পৰিগণিত হোৱা দিনটোৰ সোঁৱৰণত আজি এই দিৱস পালন কৰা হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সেনা বাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ বিষয়া-জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে অদম্য সাহস আৰু কৰ্তব্যনিষ্ঠাৰ নিদৰ্শনেৰে ভাৰতীয় সেনা বাহিনী বিশ্বৰ অন্যতম শ্রেষ্ঠ সেনা বাহিনীৰূপে পৰিগণিত হৈছে। ভাৰতীয় সেনা জোৱানসকলে অত্যন্ত প্রতিকূল পৰিস্থিতিতো নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে বুলি মন্তব্য কৰে। তেওঁ লগতে দেশৰ বাবে জীৱন উৎসৰ্গা কৰা সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
Site Admin | January 15, 2025 10:06 AM | Indian Army Day