২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক যক্ষ্মা আক্রান্ত ৰোগী থকা জিলাসমূহক কেন্দ্ৰ কৰি ৰোগটো নিৰ্মূল কৰিবলৈ হাতত লোৱা কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় সহযোগ আশা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নত নিদান প্ৰক্ৰিয়াৰ দ্বাৰা দেশবাসীয়ে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে বুলি অৱগত কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে তেওঁ ৰোগীসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰাৰ লগতে ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত তেওঁলোকক সম্পূর্ণ সহযোগিতা প্ৰদৰ্শন কৰিবলৈ দেশবাসীক আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি হাৰিয়ানাৰ পঞ্চকুলাত এশদিনীয়া যক্ষ্মা মুক্তকৰণ অভিযানৰ আৰম্ভণি কৰে। তেওঁ কয় যে, চৰকাৰে ভাৰতক যক্ষ্মা মুক্ত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্রহণ কৰিছে।
ৰাজ্যতো যক্ষ্মা নির্মূল অভিযানৰ আজি শুভাৰম্ভ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থকাৰ লগতে বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অতুল বৰাইও অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অভিযানৰ অধীনত ৰাজ্যৰ ১৭ খন জিলাক অন্তৰ্ভুক্ত কৰা হৈছে।
এই উপলক্ষে বৰপেটা জিলাত আজি তৰুণৰাম ফুকন ৰঙ্গমঞ্চত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত জিলাখনৰ স্বাস্থ্যকর্মীসকল উপস্থিত থাকে। বৰপেটা জিলাত ৫৯৮ গৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসা অব্যাহত আছে। অভিযানৰ আৰম্ভ কৰি জিলা আয়ুক্ত গীতাশ্রী লাচিতে কয়, যে এশ দিনৰ অভিযানত সজাগতামূলক কাৰ্যসূচী, যক্ষ্মা ৰোগী আদি চিনাক্তকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। কাৰ্বি আংলং জিলাতো যক্ষ্মা ৰোগ মুক্ত কৰাৰ উদ্দেশ্যেৰে এশদিনীয়া অভিযানৰ আৰম্ভ কৰা হৈছে। এই উপলক্ষে জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকৰ কার্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থকা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে জিলাখনত বৰ্তমান এহেজাৰ ৩৯ গৰাকী যক্ষ্মা ৰোগী আছে বুলি জানিবলৈ দিয়ে। চিৰাং জিলাত যক্ষ্মা ৰোগ প্ৰতিৰোধী সজাগতা অভিযানৰ অংশ হিচাপে আজি সাংসদ জয়ন্ত বসুমতাৰীয়ে পাঁচখন পৰীক্ষাগাৰযুক্ত এম্বুলেন্স উদ্বোধন কৰে। সাংসদগৰাকীয়ে জনসাধাৰণক সামাজিক মাধ্যমযোগে যক্ষ্মাৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়। শ্রীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয় আৰু মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয়তো আজি যক্ষ্মা ৰোগ মুক্ত কৰাৰ উদ্দেশ্যেৰে এশদিনীয়া অভিযানৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।