দেশজুৰি আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে নতুন দিল্লীৰ ৰাজঘাটৰ সমাধিস্থলীকে ধৰি বিভিন্ন স্থানত আজি সর্বধর্মীয় প্রার্থনা, শ্রদ্ধাঞ্জলি জ্ঞাপন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে গান্ধী জয়ন্তীৰ দিনটোত দেশবাসীক মহাত্মা গান্ধীৰ সপোনৰ ভাৰতৰ ধাৰণাৰে সত্য, অহিংসা, প্রেম আৰু বিশুদ্ধতাৰ মূল্যবোধক গ্ৰহণ কৰাৰ সংকল্প ল’বলৈ আহ্বান জনাইছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ আৰু সমাজৰ উন্নয়ন অবিৰতভাৱে আগুৱাই নিবলৈ জনসাধাৰণক চেষ্টা কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই সত্য আৰু সমতাৰ ভিত্তিত আধাৰিত মহামানৱগৰাকীৰ জীৱন আৰু আদৰ্শই দেশবাসীক সদায় অনুপ্ৰেৰণা যোগাব বুলি উল্লেখ কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজিৰ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতি শ্রদ্ধা নিবেদন কৰি কয় যে, গান্ধীজীয়ে অহিংসাক জীৱনৰ ব্ৰত কৰি জাতি প্রেম, মানৱ প্ৰেম, মানৱ সেৱাৰ আদৰ্শৰে দেশবাসীক আজিও উদ্বুদ্ধ কৰি আহিছে। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থানীয় উদ্যোগীৰ প্ৰতি সমৰ্থন আগবঢ়াই স্থানীয়ভাৱে নির্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জাগৰণৰ বিপণীৰ পৰা খাদী বস্ত্ৰ ক্ৰয় কৰে। তেওঁৰ লগত সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈ উপস্থিত থাকে। ইপিনে দেশৰ প্ৰাক্তন প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীৰ ১২০ সংখ্যক জয়ন্তী উপলক্ষে আজি দেশবাসীয়ে তেওঁক স্মৰণ কৰিছে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ লগতে শাসক বিৰোধীৰ বহুকেইজন নেতা-মন্ত্ৰীয়েও দিল্লীৰ বিজয় ঘাটৰ নেতাগৰাকীৰ সমাধিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জয় জোৱান জয় কিষাণ ধ্বনিৰে দেশৰ কৃষকৰ লগতে জনগণক উদ্বুদ্ধ কৰা স্বাধীন ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জন্ম দিৱসত শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাত কয় যে, এগৰাকী প্ৰকৃত দেশসেৱক শাস্ত্ৰীৰ আদৰ্শ আৰু মহান কৰ্মৰাজী পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ হ’ব ।
Site Admin | October 2, 2024 7:23 PM | mahatma gandhi jaynti