April 21, 2024 8:19 PM | PM Modi

printer

দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে মই কাম কৰি আহিছোঃ নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, তেওঁ দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে কাম কৰি আহিছে। ৰাজস্থানৰ জালোৰ লোকসভা সমষ্টিত আজি আয়োজিত এটা নির্বাচনী সমাৱেশত ভাষণ প্ৰসংগত তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে বাসগৃহসমূহত শৌচাগাৰ নিৰ্মাণ তথা ৰন্ধন গেছৰ সংযোগকে ধৰি বিভিন্ন সুবিধা প্ৰদানৰ জৰিয়তে মহিলাসকলৰ জীৱন সুচল কৰি তুলিবলৈ নানা আঁচনি মুকলি কৰিছে। শ্রীমোদীয়ে কংগ্ৰেছক সুবিধাবাদী মিত্রজোঁট গঠন কৰা বুলি সমালোচনা কৰি কয় যে, এনে মিত্ৰজোঁটৰ হাতত দেশৰ শাসনভাৰ অৰ্পণ কৰা উচিত নহয়। ৰাজ্যখনৰ পানীৰ সমস্যাৰ বিষয়ে উনুকিয়াই দি শ্রীমোদীয়ে কয় যে, ৰাজ্য চৰকাৰে এই সমস্যা সমাধানৰ বাবে কাম আৰম্ভ কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বহুতো জল প্রকল্প অসম্পূৰ্ণ কৰি ৰখা বুলিও তেওঁ অভিযোগ তোলে। ৰাজস্থানৰ সৈতে পুৰণি সম্পৰ্কৰ কথা সুঁৱৰি তেওঁ কয় যে, গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত তেওঁ ৰাজস্থানৰ পানীৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছিল ৷ শ্রীমোদীয়ে লগতে কৃষকসকলৰ উন্নয়নৰ বাবে মিলেট শস্যক শ্রীঅন্ন হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ বিষয়েও উল্লেখ কৰে। জালোৰ-চিৰোহী অঞ্চলত পৰ্য্যটনৰ অপাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, পৰ্য্যটনৰ জৰিয়তে যুৱচামৰ বাবে নিয়োগৰ সুবিধা বৃদ্ধি কৰিবলৈ যোগাযাগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ভোটদানক এটা গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে, সভাখনত মুখ্যমন্ত্রী ভজনলাল শর্মাও উপস্থিত থাকে। জালোৰ লোকসভা আসনখনৰ বাবে বিজেপিয়ে লুম্বাৰাম চৌধাৰীক প্রার্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰাক্তন মুখ্যমন্ত্রী অশোক গেহলটৰ পুত্র বৈভৱ গেহলটক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। ৰাজস্থানৰ দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক