দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতি এবদেলমাদজিদ টেববওনিৰ আমন্ত্রণমর্মে ১৩ৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় চিডি আবডেল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি প’ল বিশ্ববিদ্যালয়ত ভাৰত-আলজেৰিয়া অর্থনৈতিক ফ’ৰামত ভাষণ দিব। ভাৰত আৰু আলজেৰিয়াই বিভিন্ন কৌশলগত ক্ষেত্ৰ তেল আৰু গেছ, প্ৰতিৰক্ষা আৰু মহাকাশ অংশীদাৰিত্বৰ ক্ষেত্ৰত সৌহাদ্যপূর্ণ সম্পর্কত বিনিময় কৰে। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বুদ্ধি কৰিব বুলি আশা কৰা হৈছে।
এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ১৬ অক্টোবত মৰিটেনিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ কালছোৱাত ৰাষ্ট্ৰপতিয়ে মৰিটেনিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ অওলড শ্বেইখ ই ঘাজৱানিৰ সৈতে আলোচনাত মিলিত হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত-বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত মৰিটেনিয়ানৰ দ্বিপাক্ষিক সম্পর্কক অধিক উৎসাহ প্রদান কৰিব।
এই ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মালৱিৰ ৰাষ্ট্ৰপতি ড০ লাজাৰাচ মেক্কাৰথি চাকৱেৰাৰ আমন্ত্রণমৰ্মে ১৭ৰ পৰা ১৯ অক্টোবৰলৈ মালৱি ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ কালছোৱাত ৰাষ্ট্ৰপতি গৰাকীয়ে মালৱিৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু উদ্যোগ খণ্ডৰ নেতা তথা প্ৰৱাসী ভাৰতীয় সকলৰ সৈতে মত-বিনিময় কৰিব।
নতনু দিল্লীত আজি এই বিষয়ে প্রকাশ কৰি অৰ্থনৈতিক সম্পর্ক বিভাগৰ সচিব ডাম্মু ৰবিয়ে কয় যে ভাৰতে আফ্ৰিকাৰ সৈতে শক্তিশালী অংশীদাৰিত্বৰ দিশত লক্ষ্য স্থিৰ কৰিছে। তেওঁ কয় যে, যোৱা বছৰ ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘৰ জি-২০ৰ সদস্যপদ গ্রহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিয়ে এই যাত্ৰা কৰি আছে। শ্ৰীৰবিয়ে কয় যে, ৫৪ খন দেশেৰে আফ্ৰিকা গোলকীয় দক্ষিণৰ কেন্দ্ৰ। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় দক্ষিণৰ কাৰ্যসূচী আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। শ্ৰীৰবিয়ে কয় যে, আফ্ৰিকাৰ সৈতে অংশীদাৰিত্ব আমাৰ দেশৰ লগতে গোলকীয় দক্ষিণৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে, ভাৰত আৰু আফ্ৰিকাৰ মাজৰ আৰ্থিক অংশীদাৰিত্ব বৃদ্ধি হৈছে। শ্ৰীৰবিয়ে লগতে কয় যে দুয়োখন দেশৰ মাজত বছৰি প্ৰায় এশ বিলিয়ন ডলাৰ মূল্যৰ বাণিজ্য হয়।

অধিক পঢ়ক

সকলো চাওক