May 26, 2024 12:39 PM | dristripat

printer

দৃষ্টিপাত অনুষ্ঠানত কালি দেশত বলবৎ হ’বলগীয়া নতুন ফৌজদাৰী আইনৰ প্ৰসংগত আলোচনা

অসম চৰকাৰৰ আৰক্ষী বিভাগে জনসাধাৰণক ন্যায় প্ৰদানৰ ব্যৱস্থা অধিক খৰতকীয়া তথা সুলভ কৰি তোলাৰ উদ্দেশ্যে ভালেমান ফলপ্রসূ ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাই কালি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত ভাগ লৈ এই কথা প্রকাশ কৰে। দেশত বলবৎ হ’বলগীয়া নতুন ফৌজদাৰী আইনৰ প্ৰসংগত হোৱা এই আলোচনাৰ অনুষ্ঠানত শ্রী গুপ্তাই কয় যে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগীক ন্যায় প্ৰদানৰ বাবে বিশেষ ব্যবস্থা গ্রহণ কৰা হৈছে। একেদৰে নির্দিষ্ট একোখন থানা এলেকাৰ ভিতৰত নথকাকৈও যিকোনো নাগৰিকে অপৰাধ সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰিব পৰাকৈ ব্যৱস্থাৰ সংশোধন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সাক্ষীক সুৰক্ষা প্রদানকে ধৰি ভালেমান বিষয়ত উল্লেখনীয় পৰিবৰ্তন সাধন কৰিবলৈ বিচৰা হৈছে বুলি প্রকাশ কৰে। তেওঁ লগতে তথ্য প্ৰযুক্তিৰ উন্নতিৰ সাম্প্ৰতিক সময়ছোৱাত সামাজিক মাধ্যম আৰু বৈদ্যুতিন সা-সঁজুলিৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে অপৰাধ আৰু অপৰাধীক প্রতিহত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক