দূৰদৰ্শনে আজি নিজৰ গৌৰৱময় যাত্ৰাৰ ৬৫ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা দূৰদৰ্শনৰ জৰিয়তে ভাৰতে সম্প্ৰচাৰ যুগৰ পাতনি মেলিছিল। সেই সময়ৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্র প্রসাদে আনুষ্ঠানিকভাবে দূৰদৰ্শনৰ এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। ১৯৭৫ চনলৈকে দূৰদৰ্শন অল ইণ্ডিয়া ৰেডিঅ’ৰ এটা অংশ আছিল। ১৯৭৬ চনৰ ১ এপ্ৰিলত ই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা সুকীয়া বিভাগলৈ ৰূপান্তৰিত হয় আৰু পিছলৈ প্ৰসাৰ ভাৰতীৰ অধীনলৈ আহে। আজিও দূৰদৰ্শন ভাৰতৰ সৰ্ববৃহৎ সম্প্ৰচাৰ সত্বা হিচাপে পৰিচিত হৈ আছে।
Site Admin | September 15, 2024 11:41 AM | Durdarshan
দূৰদৰ্শনৰ গৌৰৱময় যাত্ৰাৰ ৬৫ বছৰ সম্পূৰ্ণ
