দুৰ্যোগ সন্দৰ্ভত তথ্য আৰু প্ৰতিবেদন দাখিলৰ বাবে আজি ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাই ডি আৰ আই এম এছ শীর্ষক এখন ডিজিটেল মঞ্চ মুকলি কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বিকশাই তোলা এই মঞ্চই ৰাজ্যখনত দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ তথ্য যুগুত কৰাৰ লগতে ক্ষতিগ্রস্ত লোকক প্ৰদান কৰা সাহায্য সন্দৰ্ভত সঠিক তথ্য প্ৰদান কৰিব। ইউনিচেফৰ সহযোগত বিকশাই তোলা এই মঞ্চৰ জৰিয়তে দুৰ্যোগৰ ফলত গুৰুতৰ ক্ষতিৰ সন্মুখীন হোৱা ঠাইসমূহ চিনাক্ত কৰাৰ লগতে শস্য, পশুধন আদিৰ ক্ষতি সম্পর্কে তথ্য সংৰক্ষণ কৰিব পৰা যাব। এই মঞ্চ মুকলি কৰাৰ লগতে মুখ্য সচিবগৰাকীয়ে দুৰ্যোগৰ সময়ত বিত্তীয় সাহায্য সন্দৰ্ভত এখন হাতপুথি মুকলি কৰে। তেওঁ লগতে এটা ৰাজ্যিক পৰ্যায়ৰ দুৰ্যোগ সম্পৰ্কীয় প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ড০ কোটাই বান আৰু অন্য প্রাকৃতিক দুৰ্যোগৰ সময়ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে দুৰ্যোগৰ সামগ্রিক তথ্য সন্নিৱিষ্টকৰণ আৰু ক্ষতিগ্ৰস্ত সহায়ৰ বাবে এই ডিজিটেল মঞ্চ মুকলি কৰাটো উচিত পদক্ষেপ বুলি মন্তব্য কৰে।
Site Admin | May 15, 2024 8:14 PM | D R I Am Digital