October 3, 2024 7:56 PM | Durga Puja SOP

printer

দুর্গা পূজাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পূজা সমিতিলৈ নিৰ্দেশনা জাৰি

সমাগত দুর্গা পূজাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজা সমিতিসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। পূজা সুকলমে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আৰক্ষী প্ৰশাসনৰ সৈতে মহানগৰীৰ পূজা সমিতিসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। সমিতিসমূহলৈ দিয়া নির্দেশনা অনুসৰি প্ৰতিখন পূজা মণ্ডপত সুৰক্ষাৰ সুব্যৱস্থা কৰাৰ লগতে প্ৰাথমিক চিকিৎসা ব্যৱস্থা উপলব্ধ কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। মণ্ডপত চিচি টিভি কেমেৰাৰ সংস্থাপন, প্ৰবেশ আৰু প্ৰস্থানৰ বাবে পৃথক পথৰ ব্যৱস্থা কৰাৰ লগতে পৰিবেশ অনুকুল সামগ্ৰীৰে পূজা মণ্ডপ নিৰ্মাণ আদিৰ বিষয়ে উল্লেখ কৰা হৈছে। শব্দ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি মণ্ডপসমূহত পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ ৫৫ ডেচিবেলতকৈ অধিক শক্তিশালী স্বৰত অনুভাষ যন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাখনত প্ৰতিখন পূজা মণ্ডপত অগ্নিনির্বাপন আৰু খোৱাপানীৰ উপযুক্ত ব্যৱস্থা কৰাৰ লগতে প্ৰশাসনৰ জৰুৰীকালীন ফোন নম্বৰসমূহ মণ্ডপত আঁৰি ৰাখিবলৈ নিৰ্দেশ দিছে। ইপিনে, কোনো ৰাজহুৱা স্থানত মণ্ডপ নিৰ্মাণ নকৰিবলৈ আৰু মণ্ডপ নিৰ্মাণ কৰোতে প্ৰাকৃতিক সম্পদ তথা ৰাজহুৱা সম্পত্তি নষ্ট নকৰিবলৈ নিৰ্দেশনাত উল্লেখ আছে। লগতে পূজা মণ্ডপ আৰু কাষৰীয়া অঞ্চলসমূহৰ পৰা সুৰা তথা অন্যান্য মাদক দ্রব্য সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিবলৈ প্রশাসনে নির্দেশ দিছে। উল্লেখযোগ্য যে আজি অনুষ্ঠিত বৈঠকত মহানগৰীৰ তিনি শতাধিক পূজা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। বৈঠকত জিলাৰ আয়ুক্ত, আৰক্ষী আয়ুক্তৰ লগতে গুৱাহাটী পৌৰ নিগম, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ, অগ্নি নির্বাপক বাহিনী, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক