প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ যাব। কুৱেইটৰ আমিৰ শ্বেখ মেছল অল আহমেদ অল জাবেৰ অল চাবাহৰ আমন্ত্ৰণ মৰ্মে তেওঁ দেশখনলৈ যাব। এই ভ্রমণ কালত প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ’ব। আজি তেওঁ দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। কুৱেটৰ আমিৰৰ বিশেষ অতিথি হিচাপে তেওঁ লগতে আৰৱীয় উপকূলীয় কাপৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। কাইলৈ প্ৰধানমন্ত্রী মোদীক দেশখনৰ বায়ান পেলেচত আয়োজিত এটা বিশেষ অনুষ্ঠানত আনুষ্ঠানিক অভর্থনা জনোৱা হ’ব। ইয়াৰ পাছত শ্ৰীমোদীয়ে কুৱেটৰ আমিৰ আৰু দেশখনৰ যুৱৰাজৰ সৈতে পৃথক বৈঠকত মিলিত হ’ব। এই ভ্ৰমণৰ সময়ত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰীৰ সৈতে শীৰ্ষ পৰ্যায়ৰ আলোচনাতো মিলিত হ’ব। বিগত ৪৩ বছৰত এয়া হ’ব কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্রমণ। প্রধানমন্ত্রী মোদীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাই নহয় বৰং সীমান্তৱৰ্তী উপকূলীয় অঞ্চলৰ সৈতে ভাৰতৰ সম্বন্ধ অধিক শক্তিশালী কৰিব। ছেপ্তেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিবেশনৰ আপাহতে প্রধানমন্ত্ৰীৰ কুৱেইটৰ যুৱৰাজক সাক্ষাৎ আৰু আগষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ কুৱেইট ভ্রমণকে ধৰি উচ্চ পৰ্যায়ৰ শেহতীয়া কূটনৈতিক আলোচনাৰ পাছতে প্রধানমন্ত্রী মোদীৰ এই ভ্রমণ নিশ্চিত হৈছে। ইয়াৰ উপৰি চলিত মাহৰ আৰম্ভণিতে কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুল্লা-আলী-অল-হায়াৰ শেহতীয়া ভাৰত ভ্ৰমণে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাত সহায় কৰিছে। ২০২৩-২৪ বৰ্ষ এহেজাৰ কোটি আমেৰিকান ডলাৰৰ বাণিজ্য বৃদ্ধিৰে ভাৰত আৰু কুৱেইটৰ দ্বিপাক্ষিক সম্পর্ক উন্নত হোৱা পৰিলক্ষিত হৈছে।
Site Admin | December 21, 2024 11:48 AM | PM KUWAIT VISIT