ঝুমইৰ বিনন্দিনী আৰু বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পূর্বে গুৱাহাটীত উপস্থিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাচক বনিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্ৰধানমন্ত্ৰী মোদীক গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিপুল সম্ভাষন জনোৱা হয়। বিমান বন্দৰৰ পৰা সৰুসজাইলৈ পথৰ দুয়োকাষে অগণন লোকে প্রধানমন্ত্ৰীগৰাকীক আদৰণি জনায়।
অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্যক উদযাপনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পূৰ্বে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানত আঠ সহস্রাধিক শিল্পীয়ে একেলগে ঝুমুৰ পৰিৱেশন কৰিছে। ৰঙা পাৰিৰ শুভ্ৰ শাৰী পৰিহিতা চাহ জনগোষ্ঠীৰ গাভৰুৰ নৃত্যৰ ছন্দ আৰু ঢোল-মাদলৰ চেওত ষ্টেডিয়ামখন মুখৰ হৈ উঠিছে। চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা এই দৃষ্টিনন্দন কাৰ্যসূচী প্রধানমন্ত্ৰীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত অহা ৬১ গৰাকী ৰাষ্ট্রদূতেও উপভোগ কৰে। ইয়াৰে ২২ গৰাকী ৰাষ্ট্রদূতে পৰিয়ালৰ সৈতে এই অনুষ্ঠান প্ৰত্যক্ষ কৰে। এই অনুষ্ঠান ৰাজ্যৰ ৮০০ খন চাহ বাগিচাত টিভি, এল ই ডি, প্রজেক্টৰৰ জৰিয়তে চৰকাৰে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ এখন বিশেষ বাহনেৰে ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পী আৰু দৰ্শকক অভিবাদন জনায়। ঝুমুৰ নৃত্য শেষ হোৱাৰ পাছত এটা লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
Site Admin | February 24, 2025 7:41 PM | CMO Assam | Jhumoir Binandini | Jhumur | Modi | narendra modi
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
