বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মৰ্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা মতে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড° জয়শংকৰৰ অংশগ্রহণে জি-২০ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গ্লৱেল চাউথ ৰূপে পৰিচিত অর্থনীতি আৰু ঔদ্যোগীক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ কন্ঠ সুদৃঢ় কৰিব। ড° জয়শংকৰে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাগ লোৱাৰ আপাহতে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো মিলিত হোৱাৰ সম্ভাৱনা আছে।
Site Admin | February 19, 2025 8:22 PM | Joysankar
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ জোহান্সবাৰ্গলৈ ৰাওনা ড° এছ জয়শংকৰ
