আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন এফ এম ট্রান্সমিটাৰ উদ্বোধনৰ প্ৰস্তুতি সম্পর্কেও সঞ্চালকপ্ৰধানগৰাকীয়ে আকাশবাণীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে৷
Site Admin | January 2, 2025 4:43 PM | Akashvani | Akashvani Guwahati
দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল
