ডাউনলোড
মোবাইল এপ

android apple
signal

January 5, 2025 10:44 AM | Jack Sullivan

printer

দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ’ব। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় বিষয়ৰ উপৰি নিৰাপত্তা বিষয়ক আলোচনাৰ লগতে মহাকাশ প্ৰতিৰক্ষা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতা সন্দৰ্ভত আলোচনা কৰিব বুলি আশা কৰা হৈছে। এই ভ্রমণকালত আমেৰিকাৰ নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰিব। তেওঁ দিল্লীত থকা ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানতো ভুমুকি মাৰিব। তাত তেওঁ ভাৰতীয় যুৱ উদ্যমীসকলক লগ কৰিব। আই চি ই টিৰ অধীনত দুয়োখন দেশৰ যুটীয়া উদ্ভাৱনক শক্তিশালী কৰিব বিচৰা প্ৰয়াস সন্দৰ্ভতো তেওঁ যুৱ উদ্যমীসকলৰ আগত দাঙি ধৰিব। উল্লেখযোগ্য যে, অহা ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি জ’বাইডেনে কাৰ্যভাৰ ত্যাগ আৰু ৪৭ সংখ্যক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে ডোনাল্ড ট্রাম্পে কার্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰী ছুলিভানৰ এই ভাৰত ভ্ৰমণে তাৎপর্য বহন কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰেও শেহতীয়াকৈ ৱাশ্বিংটন ভ্ৰমণলৈ যোৱাৰ লগতে শ্ৰী ছুলিভানক সাক্ষাৎ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক