দুদিনীয়া ভ্রমণসূচীৰে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ ছুইজাৰলেণ্ডত উপস্থিত হ’ব

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি দুদিনীয়া ভ্রমণসূচীৰে ছুইজাৰলেণ্ডত উপস্থিত হ’ব। মন্ত্ৰীগৰাকীৰ ছৌদি আৰব, জার্মানী আৰু ছুইজাৰলেণ্ড ভ্ৰমণৰ এয়া তৃতীয় তথা অন্তিম পর্যায়। জেনেভাত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সৈতে সক্রিয়ভাৱে জড়িত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বী আৰু প্রতিনিধিসকলক সাক্ষাৎ কৰিব। জেনেভাত ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ কাৰ্যালয় আছে। তেওঁ ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্রীকো সাক্ষাৎ কৰিব আৰু উভয় দেশৰ ঘনিষ্ঠ সহযোগিতাৰ পর্যালোচনা কৰিব। দুয়োগৰাকী মন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পর্ক ত্বৰান্বিত কৰাৰ পথৰো অন্বেষণ কৰিব। ইয়াৰ পূৰ্বে ড° জয়শংকৰে কালি বার্লিনত জাৰ্মানীৰ চেন্সেলৰ অ’লাফ স্ক’লজক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত শুভেচ্ছা জ্ঞাপন কৰে৷ ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত বিদেশ মন্ত্ৰীগৰাকী জার্মানীত উপস্থিত হৈছিল। তেওঁ জাৰ্মানীৰ খ্ৰীষ্টান ডেম’ক্রেটিক ইউনিয়ন দলৰ অধ্যক্ষ তথা চি ডি ইউ- চি এছ ইউ সংসদীয় দলৰ সদস্য ফ্রেড্রিক মাৰ্জক সাক্ষাৎ কৰে। বুণ্ডেষ্টাগ নামেৰে জনাজাত জার্মান সংসদৰ সদস্যসকলৰ সৈতেও বিদেশ মন্ত্ৰীগৰাকীয়ে মত-বিনিময় কৰে। ড° জয়শংকৰে লগতে জাৰ্মানীৰ বিদেশ মন্ত্রী আন্নালেনা বে’ৰবকৰ সৈতেও বিশদ আলোচনাত মিলিত হয়। আলোচনাকালত নেতা দুগৰাকীয়ে উভয় দেশৰ কৌশলগত সহযোগিতাৰ বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দৰে ক্ষেত্ৰসমূহৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক