ডাউনলোড
মোবাইল এপ

android apple
signal

November 17, 2024 11:04 AM | PM Modi Nigeria Visit

printer

দুদিনীয়া ভ্রমণসূচীৰে নাইজেৰিয়াত উপস্থিত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা নাইজেৰিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হ’ব। বিগত ১৭ বছৰত ভাৰতীয় প্রধানমন্ত্রী হিচাপে প্রথম নাইজেৰিয়া ভ্ৰমণ কৰা শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি তিনুবুৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ পৰ্যালোচনা চলাব আৰু দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰিব। নেতা দুগৰাকীৰ মাজৰ এই আলোচনাৰ অন্তত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী মোদীয়ে নাইজেৰিয়াত বাস কৰা ভাৰতীয় মূলৰ লোক সকলৰ এটা সমাৱেশতো ভাষণ দিব। নাইজেৰিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদী G-20 শীর্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’লৈ যাব। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাছিঅ’ লুলা দ্যা ছিলভাই এই সন্মিলনৰ আঁত ধৰিব। সন্মিলনত প্রধানমন্ত্রী মোদীয়ে বিভিন্ন গোলকীয় বিষয়ত ভাৰতৰ স্থিতিৰ বিষয়ে অৱগত কৰিব আৰু G-20  নতুন দিল্লী ঘোষণাপত্ৰ অনুসৰি লোৱা পদক্ষেপৰ লগতে ভাৰতে যোৱা কেইটামান বছৰত আয়োজন কৰা ভইচ অব দি গ্লোবেল ছাউথ সন্মিলনৰ ফলাফল সম্পর্কে আলোচনা কৰিব। G-20 শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে শ্ৰী মোদীয়ে কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত প্রধানমন্ত্রী মোদী পৰহিলৈ তিনিদিনীয়া ভ্রমণসূচীৰে গায়ানাত উপস্থিত হ’ব।

অধিক পঢ়ক

সকলো চাওক