নতুন দিল্লীত আজি দুদিনীয়া ভাৰত IORA ক্ৰুজ পর্যটন সন্মিলনৰ সামৰণি পৰে। বাংলাদেশ, কেনিয়া, মাদাগাস্কাৰ, মালদ্বীপ, মোজাম্বিক, শ্রীলংকা, দক্ষিণ আফ্রিকা, ছিচেলছ আৰু তাঞ্জানিয়াকে ধৰি ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েচনৰ সদস্য ৰাষ্ট্ৰৰ বিষয়া আৰু বিশেষজ্ঞসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে এই সন্মিলনে অংশীদাৰসকলক IORA ৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্রুজ পৰ্যটন খণ্ডৰ বিকাশ আৰু শক্তিশালী কৰাৰ দিশত উত্তম পদ্ধতি আৰু নীতিগত পদক্ষেপসমূহ বিতৰণ কৰাৰ এখন মঞ্চ প্ৰদান কৰে ৷ আলোচনাত আন্তঃগাঁথনি উন্নয়ন, নিয়ন্ত্রণমূলক বিষয়, বহনক্ষম পর্যটন, নিয়োগ সৃষ্টি, মহিলাৰ অন্তৰ্ভুক্তি আৰু ব্যৱসায়িক সুযোগ আদিৰ বিষয়ে আলোচনা কৰা হয়।
Site Admin | June 14, 2024 8:42 PM