দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ’ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপ জিলাৰ কাম-কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোকনির্মাণ বিভাগে প্ৰস্তুত কৰা নক্সা সংশিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ সন্মিলনতে দেখুৱাব বুলি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই প্ৰকাশ কৰে। আনহাতে উপ জিলাৰ মহকুমাধিপতি সকলক ২ অক্টোবৰৰ পূৰ্বে প্ৰশিক্ষণ দিয়া হ’ব বুলি প্ৰকাশ কৰাৰ লগতে ১৫ আগষ্টৰ পূৰ্বে প্রয়োজনীয় সকলো আচবাববোৰ অস্থায়ী কাৰ্যালয়লৈ নিয়াৰো নিৰ্দেশ দিয়ে।

আয়ুক্ত সন্মিলনতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইখনমান জিলাৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সংশ্লিষ্ট আয়ুক্তসকলক জিলা ভিত্তিক বৈষম্য দূৰ কৰিবলৈ নির্দেশ দিয়ে। আয়ুক্তসকলক সপ্তাহত এদিন ক্ষেত্র পৰ্যবেক্ষণ আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ যাবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আনহাতে অতিৰিক্ত জিলা আয়ুক্তক সপ্তাহত দুদিন কাম-কাজ চোৱাচিতা কৰাৰ তেওঁ নিৰ্দেশ দিয়ে। একে সময়তে দৈনিক এক- তৃতীয়াংশ চৰকাৰী বিষয়াক জনসাধাৰণৰ মাজলৈ গৈ সমস্যাৰ বুজ ল’বলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। প্রত্যেক ১৫ দিনৰ অন্তৰত অভিভাৱক মন্ত্ৰীৰ সৈতে আয়ুক্তক ভিডিঅ’ কনফাৰেন্সযোগে কাম-কাজ সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক আহ্বান জনায়। প্রয়োজনত অভিভাৱক মন্ত্ৰীক জিলা ভ্ৰমণৰ বাবে আয়ুক্তই দাবী কৰিব পাৰিব বুলিও এই সন্মিলনতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। একে সময়তে মুখ্যমন্ত্রীয়ে কয় যে, ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিখন জিলাত নতুন আঁচনি ৰূপায়ণ কৰিব লাগিব আৰু ৰূপায়িত নোহোৱা পুৰণা কামসমূহ সমাধানৰ চেষ্টা কৰা হ’ব। ৩১ ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল’ব পৰাকৈ প্ৰয়োজনীয় সকলো কাম-কাজ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। একেটা প্রসংগতে মুখ্যমন্ত্রীয়ে আয়ুক্তসকলক কয় যে, পঞ্চায়তত তিনিটাতকৈ অধিক উন্নয়ন খণ্ড হ’ব নোৱাৰিব।
জিলা আয়ুক্তৰ সন্মিলনখনতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই চৰকাৰী কাৰ্যসূচীত কেৱল নিৰামিষ খাদ্য ব্যৱহাৰৰ নিৰ্দেশ দিছে। ৰাজ্যিক অতিথিৰ বাহিৰে কোনো চৰকাৰী বিভাগে আমিষ আহাৰেৰে অপ্যায়ন কৰাটো বাধা আৰোপ কৰিছে। এই সন্মিলনতে আগষ্টত লখিমপুৰত কেবিনেট বৈঠক হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই প্ৰসংগতে এতিয়াৰে পৰা গুৱাহাটীৰ বাহিৰত কেবিনেট হোৱাৰ দিনা মন্ত্ৰীসকল একেটা সময়তে নাযাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে, মন্ত্ৰীসকল নিৰ্দিষ্ট সময়ৰ অন্তৰত গ’লে যান-বাহনৰ লগতে অন্য অসুবিধা নহয়। আনহাতে বেৰিকেড সাজি প্ৰতিবাদ ৰোধ বিচাৰিলে সকলো সমস্যাৰ সমাধান নহয় বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়া বেৰিকেড ৰখাৰ প্ৰয়োজন নাই। ৰাজ্যত ভি ভি আই পি সংস্কৃতি আঁতৰোৱাৰ পোষকতা কৰি মুখ্যমন্ত্ৰীৰ কনভয়তো ১০খনতকৈ অধিক গাড়ী থাকিব নোৱাৰিব বুলি তেওঁ প্ৰকাশ কৰে।
এই সন্মিলনতে শেহতীয়া বানত ক্ষতিগ্রস্তসকলক ১২ আগষ্টত সাহায্য প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ক্ষতিগ্ৰস্তক গৃহ নিৰ্মাণৰ বাবে ১ লাখ ২০ হাজাৰ টকা দিয়া হ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সাহায্য প্ৰদানৰ ৭ দিন পূৰ্বে মঞ্জুৰি পত্ৰ বিতৰণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক